পুখুৰীত ওলাইছে বস্তাই বস্তাই ATM-আধাৰ কাৰ্ড - ATM Aadhaar card appears in Laal Pool post office pond
দৰং-ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী লালপুল ডাকঘৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ৷ ডাকঘৰটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে বৰ্তমান সময়ৰ অতিকৈ প্ৰয়োজনীয় নথি আধাৰ কাৰ্ড, পান কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথিসমূহ গৰাকীক দিয়াৰ পৰিৱৰ্তে বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ অভিযোগ ৷ শনিবাৰে আবেলি ডাক ঘৰৰ পিছফালে থকা পুখুৰীৰ পাৰত খৰি বুটলিবলৈ যোৱা স্থানীয় লোকে হাজাৰৰো অধিক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু এটিএম কাৰ্ড ভৰ্তি এটা বস্তা উদ্ধাৰ কৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ডাক ঘৰটোৰ কৰ্মচাৰীৰ এনে দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ড তথা চৰম গাফিলতিৰ বাবেই ডাকঘৰটোৰ অধীনৰ ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে ৷ ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী কৰ্মচাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ-প্ৰশাসন তথা ভাৰতীয় ডাক বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷