পহিলা বহাগত যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ ভিৰ - buri gukhani dewaloi jorhat
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো বহাগীক আদৰাত ব্যস্ত ৷ কিয়নো আজি পহিলা বহাগ ৷ বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ ফলত স্তব্ধ হৈছিল বিহু ৷ সেয়েহে এইটো বছৰত দুগুণ উল্লাসেৰে বিহুক আদৰিছে ৰাইজে ৷ অসমীয়া কেলেণ্ডাৰৰ পহিলা দিনটোত যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত পুৱাৰ পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । ক’ভিড মহামাৰীক নেওচি সাধাৰণ জনতাই আৰ্শীবাদ বিচাৰি আহিছে ঐতিহাসিক দেৱালয়লৈ । নিজৰ লগতে পৰিয়ালৰ আত্মীয়সকলৰ বাবে আশিস বিচাৰি নৈবদ্য আগবঢ়াই সেৱা লয় ৰাইজে ৷