অসম

assam

ETV Bharat / videos

কৰ’ণাকালৰ পাছত অসমীয়া চিনেমাৰ ভৱিষ্যত কোন দিশে ? - UFO ৰ উত্তৰ-পূৱৰ প্ৰবন্ধক সৌৰভ দত্ত

By

Published : Jan 6, 2021, 8:50 AM IST

অশীতিপৰ অসমীয়া চিনেমাৰ বৰ্ণিল পৰিক্ৰমাত ২০১৯ বৰ্ষটো আছিল অসমীয়া চিনেমাৰ বাণিজ্যিক ক্ষেত্ৰত অভিলেখ বৰ্ষ । "কাঞ্চনজঙ্ঘা",ৰত্নাকৰ"ৰ দৰে অসমীয়া চিনেমাই ১২ কোটি টকা পৰ্যন্ত ব্যৱসায় কৰি একপ্ৰকাৰ অসমীয়া ছবিৰ বাণিজ্যিক উত্থানৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল । ২০১৯ বৰ্ষত সৰ্বমুঠ ১৪ খন অসমীয়া ছবিয়ে মুক্তিলাভ কৰিছিল । সংখ্যাত কম হ'লেও অসমীয়া ছবিজগতত ২০১৯ বৰ্ষটো আছিল বাণিজ্যিকভাৱে উল্লেখযোগ্য বছৰ । ৬ ডিচেম্বৰ, ২০১৯ । অসমীয়া ছবিৰ সুন্দৰ ব্যৱসায়ৰ মাজতে সেইদিনা চিত্ৰগৃহলৈ আহিছিল এক্সনধৰ্মী ছবি "প্ৰতিঘাত"। মাত্ৰ তিনিদিনহে চিত্ৰগৃহত থাকিল ছবিখন। তেতিয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) ৰ আন্দোলনৰ বাবে ছবিখন চিত্ৰগৃহৰ পৰা আঁতৰাই দিয়া হ'ল । আন্দোলন চলি থাকিল । "কেব" গুচি "কা" হ'ল । আন্দোলন ঠাণ্ডা হ'ল । ২০২০ বৰ্ষৰ ১২ মাৰ্চত "তুমি আৰু মই" নামৰ এখন ছবি চিত্ৰগৃহলৈ আহিছিল যদিও দৰ্শকৰ কোনোধৰণৰ সঁহাৰি লাভ নকৰিলে । তাৰ পাছতেই বিশ্বত্ৰাসী মহামাৰী কৰোণাসৃষ্ট লকডাউনৰ ফলত ২০২০ বৰ্ষত মাত্ৰ ১ খন ছবিৰ মুক্তিতেই সীমাবদ্ধ থাকিব লগা হ'ল । সম্প্ৰতি মুক্তিলাভ কৰিবলগীয়া অসমীয়া ছবি ৩০ খনৰো অধিক । লকডাউনে কোঙা কৰা অসমীয়া ছবি উদ্যোগটোৰ সম্প্ৰতিক স্থিতি কি? নতুন বৰ্ষটোত কেনেকৈ আগবাঢ়িব অসমীয়া ছবিজগত ? সকলো দিশ সামৰি চিনেমা পৰিদৰ্শক UFO ৰ উত্তৰ-পূৱৰ প্ৰবন্ধক সৌৰভ দত্তৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিক হেমন্ত শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ ।

ABOUT THE AUTHOR

...view details