ফাৰ্মাচিষ্টৰ নিযুক্তিৰ দাবী পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সংন্থাৰ - গুৱাহাটী প্ৰেছ ক্লাৱ
ফাৰ্মাচি কাউঞ্চিল অৱ ইণ্ডিয়াৰ অনুমোদন লাভ নকৰাকৈ কেৱল মাত্ৰ টকাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰা প্ৰতিষ্ঠানসমূহ শীঘ্ৰে তদন্তৰ যোগেদি বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায় সদৌ অসম পঞ্জীয়ন ভূক্ত ফাৰ্মাচিষ্ট সংন্থাই । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংস্থাৰ সভাপতি মনোজ গগৈয়ে চৰকাৰে ঘোষণা কৰা এক লাখ নিৱনুৱাৰ ভিতৰত স্বাস্থ্য বিভাগত খালী হৈ থকা ফাৰ্মাচিষ্টৰ পদবোৰত অতিকমেও দুই হেজাৰ ফাৰ্মাচিষ্টৰ নিযুক্তি দিবলৈ অনুৰোধ জনায় ।