অসম

assam

By

Published : Oct 19, 2019, 1:46 PM IST

Updated : Oct 22, 2019, 12:51 PM IST

ETV Bharat / videos

দুলাল পালৰ মৃত্যুৰ চিবিআই তদন্তৰ দাবী ৰিপুন বৰাৰ

তেজপুৰ, 19 অক্টোবৰঃ তেজপুৰ ডিটেন্চন কেম্পৰ বিদেশী বুলি ঘোষিত ঢেকীয়াজুলিৰ অলিছিঙাৰ দুলাল পালৰ গুৱাহাটী মেডিকেল কলেজ হস্পিতালত হোৱা মৃত্যুৰ সন্দৰ্ভত চি বি আই তদন্তৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই | তেজপুৰত ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাতকাৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, দুলাল পালৰ মৃত্যুৰ 6 দিন পিছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ হৈ দুগৰাকী মন্ত্ৰী মৃতকৰ পৰিয়ালক শুক্ৰবাৰে সাক্ষাৎ কৰে ৷ ঢেকীয়াজুলিৰ অলিছিঙাৰ কাষতে ৰঙাপাৰা সমষ্টিৰ উপ নিৰ্বাচন ৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ কৰি যায় যদিও দুলাল পালৰ পৰিয়ালক কোনো ধৰণৰ সমবেদনা জ্ঞাপন নকৰে ৷ উল্লেখযোগ্য যে শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰী পৰিমল শুক্ল বৈদ্য আৰু মন্ত্ৰী ৰঞ্জিত দত্তই পালৰ ঘৰত গৈ পৰিয়ালক সমবেদনা জনায় আৰু মৃতদেহ চমজি লবলৈ আহ্বান জনায় ,লগতে চৰকাৰৰ তৰফৰ পৰা আইনী সহায় প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে ৷
Last Updated : Oct 22, 2019, 12:51 PM IST

ABOUT THE AUTHOR

...view details