Child Adventure Camp in Guwahati : মহানগৰীত ৩১ তম শিশু দুঃসাহসিক অভিযোজন শিবিৰ - two days child adventure camp in Guwahati
অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় শিশু দুঃসাহসিক অভিযান শিবিৰ (Child Adventure Camp at State Zoo in Guwahati) ৷ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰাংগণত এই শিশু দুঃসাহসিক অভিযান শিবিৰ আৰম্ভ হয় (Two days child adventure camp) ৷ শিবিৰটো উদ্বোধন কৰে সন্থাৰ সভাপতি কিশোৰ বৰুৱাই ৷ উদ্বোধনী অনুষ্ঠানৰ ফ্লেগ অফ কৰে সন্থাৰ জ্যেষ্ঠ সদস্য ড৹ দেবেন মহন্ত আৰু পাৰ্বতী প্ৰসাদ গৌতমে ৷ লখিমপুৰ, গোলাঘাটকে ধৰি গুৱাহাটীৰ সমীপৱৰ্তী বিভিন্ন ঠাইৰ মুঠ 80 জন শিশুৱে অংশগ্ৰহণ কৰা দুঃসাহসিক অভিযান শিবিৰত অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰশিক্ষকসকলে বিভিন্ন ধৰণৰ দুঃসাহসিক ক্ৰিয়াৰ কৌশল, যেনে বাৰ্মা ব্ৰিজ, মাংকি ক্ৰাউলিং, ৰাফটিং, আৰ্টিফিচিয়েল ৱাল ক্লাইম্বিং ইত্যাদিৰ প্ৰশিক্ষণ দিয়ে ৷