Nagaland Firing Incident : নাগালেণ্ডৰ গুলী চালনা ঘটনাত আহত দুগৰাকীৰ অৱস্থা সংকটজনক - নাগালেণ্ডৰ গুলী চালনা ঘটনাত আহত দুগৰাকীৰ অৱস্থা সংকটজনক
ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে নাগালেণ্ডৰ মন জিলাত সংঘটিত সেনাৰ গুলী চালনা ঘটনা(Nagaland firing Incident)ত আহত হৈছিল জাৰ্গ কন্যাক আৰু চাইলং কন্যাক । AMCHৰ শল্য চিকিৎসা বিভাগৰ ICUতে চিকিৎসাধীন হৈ আছে জাৰ্গ আৰু চাইলং । এতিয়াও সুস্থিৰ নহয় নাগালেণ্ডৰ দুই আহত ব্যক্তি । AMCHৰ অধীক্ষকে জনোৱা মতে, জাৰ্গ কন্যাকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । শীঘ্ৰে অস্ত্ৰোপচাৰ কৰিব লাগিব জাৰ্গৰ । ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিছে AMCHৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ।
Last Updated : Dec 7, 2021, 7:11 PM IST