অসম

assam

ETV Bharat / videos

কাজিনেমু আৰু কোমল চাউললৈ জি আই টেগ ...

By

Published : Sep 1, 2020, 2:42 PM IST

সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে অসমৰ কাজিনেমুৱে ৷ অসমীয়া সমাজৰ খাদ্যৰ তালিকাত থকা কাজিনেমু লৈ প্ৰদান কৰা হৈছে জি আই সন্মান। আনহাতে চহা অসমীয়াৰ এবিধ অনন্য জলপান আৰু আমাৰ সকলোৰে চিনাকি বোকা চাউল বা কোমল চাউললৈও প্ৰদান কৰা হৈছে জি আই সন্মান ৷ যাক চকুৱা চাউল বুলিও কোৱা হয় । ৰ'দত শুকুৱাই উপযুক্ত কৰি লোৱা এই চকুৱা অথবা কোমল চাউললৈয়ো জি আই মৰ্যদা প্ৰদান কৰা হয় ৷ এই সন্মান লাভ কৰাত যথেষ্ট অৰিহণা যোগাইছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে ৷ এই সন্দৰ্ভত চাওক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অশোক ভট্টাচাৰ্যৰ সৈতে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ..

ABOUT THE AUTHOR

...view details