দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান পাই সুখী মাজুলীৰ সত্ৰাধিকাৰ
নতুনকৈ দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান(National Park) পাই সুখী মাজুলীবাসী ৷ নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱাৰ দিনাই অসমে দুখন ৰাষ্ট্ৰীয় উদ্যান(National Park) লাভ কৰাটো অসমৰ বাবে গৌৰৱৰ কথা বুলি মন্তব্য কৰে মাজুলীৰ সত্ৰাধিকাৰসকলে । এইয়া মাজুলীবাসীৰ বাবে গৌৰৱৰ কথা বুলি আখ্যা দি তেওঁলোকে কয় যে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা অসমত বৰ্তমান বৃক্ষৰ অভাৱ হৈছে ৷ তেনে স্থলত চৰকাৰখনে পশু-পক্ষীৰ লগতে মানৱ জাতিৰ হিতৰ বাবে নতুনকৈ আৰু দুখন ৰাষ্ট্ৰীয় উদ্যান(National Park) ঘোষণা কৰাক লৈ অসমবাসীৰ লগতে মাজুলীবাসীও যথেষ্ট সুখী ৷ নতুন চৰকাৰৰ এমাহ পূৰ্ণ হোৱাৰ হেতুকে চৰকাৰখনক শুভেচ্ছা জ্ঞাপন সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ ৷
Last Updated : Jun 13, 2021, 9:02 AM IST