পাছিঘাটত অসমৰ গাড়ী চালকক ধন দাবী অৰুণাচল আৰক্ষীৰ - অৰুণাচলী দুৰ্বৃত্ত
চুবুৰীয়া ৰাজ্য অৰুণাচল(Arunachal pradesh)ত অসমৰ গাড়ী চালক সকল যে সুৰক্ষিত নহয় সেই অভিযোগ নতুন নহয় ৷ নিজৰ জীৱনক তুচ্ছ কৰি চুবুৰীয়া ৰাজ্যখনলৈ বিভিন্ন অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালক সকলক অৰুণাচলী দুৰ্বৃত্তই (goons from Arunachal) দাবী ধমকিৰে ধন কাঢ়ি লোৱা আৰু ধন নিদিলেই মাৰপিট কৰা ধটনা প্ৰায়েই চলি থাকে। কিন্তু, শেহতীয়াকৈ এই ধন দাবীত লিপ্ত হৈছে খোদ অৰুণাচল আৰক্ষী (Arunachal police ) । বিগত কিছুদিন পূৰ্বে পাছিঘাটত এজন চালকৰ পৰা দহ হাজাৰ টকা বিচাৰি টকা নোপোৱাত চালক জনক বেয়াকৈ মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ধেমাজি জিলা চালক সন্থাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিমধ্যে, বিষয়টোৰ ওপৰত উচিত বিচাৰৰ দাবীত আৰক্ষীৰ ওচৰত চালক সন্থাই গোচৰ তৰিছে । ইয়াৰ লগতে, দোষী আৰক্ষী বিষয়াক চিনাক্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে চালক সন্থাই ৷