লখিমপুৰৰ নকাৰীত উৰণীয়া সেঁতু নির্মাণৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
লখিমপুৰৰ নকাৰীত উৰণীয়া সেঁতু নির্মাণৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ । মঙলবাৰে এই দাবীৰে লখিমপুৰ নগৰৰ মাজত ধৰ্ণা দি যুৱ মঞ্চই উত্তাল কৰি তোলে পৰিৱেশ । সংগঠনটোৰ দাবী লখিমপুৰ নগৰৰ পৰা চাবতি সংযোগী পথৰ নকাৰী ৰেলৱে ক্ৰছিঙত নিৰ্মাণ কৰিব লাগে উৰণীয়া সেঁতু খন । উল্লেখযোগ্য যে, উক্ত পথটোৱে নগৰৰ পৰা বিমান বন্দৰ, মেডিকেল কলেজ, সেনা শিৱিৰ, ত্ৰয়োদশ আৰক্ষী ছাউনি ,ৰাজ্যৰ দ্বিতীয় খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ,ভালেকেইখন উচ্চ শিক্ষানুষ্ঠান আদি অতি গুৰুত্বপূৰ্ণ বহু অনুষ্ঠানক সংযোগ কৰিছে । কিন্তু এই পথটো নকাৰীত থকা ৰেলৱে ক্ৰছিঙটো বহু সময় যাতায়াতৰ ক্ষেত্ৰত হেঙাৰ হৈ আহিছে । কিয়নো ৰেল চলাচলৰ সময়ত এই ক্ৰছিং বন্ধ থকাৰ বাবে জৰুৰী কালীন সেৱা সমূহ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে । বিশেষ কৈ মুৰ্মূষ ৰোগী, প্ৰসূতি আদি কঢ়িয়াই নিয়া এম্বুলেন্স সেৱাও বহু সময় ৰৈ থাকিব লগীয়া হোৱাটো এক বিড়ম্বনা হৈ পৰিছে । যাৰ বাবে উপায়ুন্তৰ হৈ অসমীয়া যুৱ মঞ্চই ধৰ্ণা কাৰ্য্ সূচীৰে উক্ত ক্ৰছিং টোত এখন উৰণীয়া সেঁতু নির্মাণৰ দাবী জনাইছে । সংগঠনটোৱে এই ক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদৰ হস্তক্ষেপৰো দাবী জনোৱা দেখা যায় ৷