অসম

assam

By

Published : Aug 28, 2021, 5:26 PM IST

ETV Bharat / videos

নন্দিতা শইকীয়াৰ আত্মাৰ সদগতিৰ বাবে আমগুৰিত বন্তি প্ৰজ্বলন

ধেমাজিৰ মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী । নন্দিতা শইকীয়াৰ আত্মাৰ সদগতিৰ বাবে ৰাজ্যজুৰি প্ৰাৰ্থনা অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ । সমান্তৰালকৈ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদো অব্যাহত আছে । অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও আমগুৰিত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ছাত্ৰীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে সংগঠনটোৱে বন্তি প্ৰজ্বলন কৰে । ইফালে হত্যাকাৰী ৰিণ্টু শৰ্মাৰ ওপৰত কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details