অসম

assam

ETV Bharat / videos

ডিব্ৰুগড়ত ২০০০ কাৰ্টন অৰুণাচলী সুৰা জব্দ

By

Published : Sep 30, 2021, 6:47 PM IST

ডিব্ৰুগড় আবকাৰী বিভাগৰ বৃহৎ সফলতা । এক অভিযানত জব্দ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক । নিৰিজুলিৰ পৰা তেজুলৈ গৈ থকা অৱস্থাত বগীবিলৰ পৰা RJ-৫২-GA-১৩০৫ নম্বৰৰ ট্ৰাকখন জব্দ কৰে আবকাৰী বিভাগে । এই অভিযানত ট্ৰাকখনৰ পৰা প্ৰায় ২০০০ কাৰ্টন সুৰাৰ বটল জব্দ কৰে অভিযানকাৰী দলটোৱে । সুৰাখিনিৰ অসমৰ মূল্য প্ৰায় ১৪ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । ইফালে অৰুণাচল প্ৰদেশৰ নিৰিজুলিৰ নেফা ব্ৰিউৱেৰিছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ পৰা তেজুৰ চানৰাইজ বিয়েৰ বণ্ডলৈ সৰবৰাহ কৰা হৈছিল সুৰাখিনি । আবকাৰী বিভাগৰ দলটোৱে গিৰিজা শ্বাহ নামৰ চালকজনকো গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, চলিত মাহটোত ডিব্ৰুগড়ত আবকাৰী বিভাগে বগীবিলত বহু কেইখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

...view details