বহু প্ৰতীক্ষাৰ পাচত অহা বৰষুণজাকে বিপদত পেলালে মহানগৰবাসীক - Artificial flood in guwahati
এজাক বৰষুণতে প্লাৱিত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ৷ যাৰ ফলত গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হয় ভয়ংকৰ যান-জঁটৰ । বিগত কিছুদিন ধৰি অব্যাহত থকা উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছিল মহানগৰবাসীয়ে । কিন্তু মঙলবাৰে বিয়লি অহা বৰষুণ জাকত মহানগৰীৰ আমবাৰী, লেম্ব ৰোড, মালিগাঁও, গুৱাহাটী ক্লাব, জু-ৰোড, চান্দমাৰী, উলুবাৰী, ভঙাগড়, জটিয়া, লখৰা ৰোডকে ধৰি বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷
Last Updated : Oct 20, 2021, 7:36 AM IST