গোলাঘাটত কৃত্ৰিম বানত বিস্তৰ ক্ষতি
গোলাঘাটত কৃত্ৰিম বানৰ সংহাৰ । এজাক বৰষুণতে ডুব গ'ল মানুহৰ ঘৰ-দুৱাৰ । ফলত বিস্তৰ ক্ষতিসাধন হয় ৰাইজৰ । গোলাঘাট পৌৰসভাৰ গাফিলতিৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । গোলাঘাটৰ চন্দন নগৰ, ৰংপুৰ, আমোলাপট্টি, তপন নগৰ, বেঙেনাখোৱাৰ লগতে ফৰকাটিং অঞ্চলৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে ব্যাপক ক্ষতিসাধন কৰে । কৃত্ৰিম বানত অকল সা-সম্পত্তিয়ে নহয়, বহু পৰিয়ালৰ প্ৰয়োজনীয় নথি-পত্ৰ নষ্ট হৈছে । ইফালে এসাঁজ খাবলৈকো খাদ্যৰ অভাৱ হোৱাৰ লগতে বসবাসৰ বাবে উপযুক্ত ঠাই নোহোৱাত অনাহাৰে থাকিবলগীয়া হৈছে স্থানীয় ৰাইজ ৷ দীৰ্ঘদিনে পৌৰসভাক নলাসমূহ পৰিস্কাৰ কৰিবলৈ স্থানীয় লোকে আহ্বান জনাইছিল যদিও আজিলৈকে কোনো সুফল লাভ নকৰিলে ৷