মাকে পঢ়াব নোৱাৰো বুলি কোৱাত মাটিত বাগৰিছিল মাচি তপ্নই - মাচি তপ্ন
সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ কঠোৰ অধ্যাৱসায়ে দৰিদ্ৰতাকো হৰুৱাব পাৰে ৷ এই কথাকে প্ৰতিপন্ন কৰিছে মৰিয়নীৰ চৈকতা চাহ বাগিছাৰ শ্ৰমিক সন্তান মাচি তপ্নই ৷ মৰিয়নী সমষ্টিৰ চৈকতা চাহ বাগিচাৰ ৩ নং লাইনৰ স্বৰ্গীয় বসন্ত তপ্ন আৰু জয়ন্তী তপ্নৰ একমাত্ৰ পুত্ৰ মাচি তপ্নই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিবলৈ সক্ষম হৈছে ৯৮ সংখ্যক স্থান ৷ সোমবাৰে যোৰহাট গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা মাচি তপ্নলৈ জ্ঞাপন কৰা হয় সম্বৰ্ধনা ৷ আনহাতে, অসম লোকসেৱা আয়োগত সেৱা আবঢ়োৱাৰ সমান্তৰালকৈ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি অব্যাহত ৰাখিব বুলি জনায় মাচি তপ্নই ৷