অসম

assam

ETV Bharat / videos

বাঘজানবাসীৰ খবৰ ল’লে ভূপেন কুমাৰ বৰাই - কংগ্ৰেছৰ নেতা

By

Published : Sep 26, 2021, 8:36 PM IST

অইলৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলৰ বাঘজান গাঁওবাসীৰ কাষত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ নেতাগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলবাসীৰ কাষত উপস্থিত হৈ অসম চৰকাৰ, অইলে বৰ্তমানৰ লৈকে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ নিদিয়া কাৰ্যক সমালোচনা কৰে ৷ সমান্তৰালভাৱে অঞ্চলটোত পুনৰ অইলৰ অবৈধ খনন আৰম্ভ কৰা কাৰ্যৰ পৰা অইলক আঁতৰত থাকিবলৈ আহ্বান জনায় ভূপেন বৰাই ৷ ক্ষতিপূৰণ লাভ নকৰা পৰিয়াল তথা বিষয় সমূহৰ ক্ষেত্ৰত লোকসভা, বিধানসভা মজিয়াত কংগ্ৰেছৰ সাংসদ, বিধায়ক সকলে মাতিব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ লগতে গৰুখুটিত সংঘটিত হোৱা ঘটনা সন্দৰ্ভতটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷ সভাপতিগৰাকীৰ লগত প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ, জিলা কংগ্ৰেছৰ নেতা কৰ্মীয়ে সংগ দিয়ে ৷

ABOUT THE AUTHOR

...view details