সৃজনশীল প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্য়ায়ত জিলিকিল শেনচোৱাৰ অনুষ্কা - Best Achievers Award 2021 বিজয়ী অনুস্কা
অসমবাসীৰ বাবে অন্য এক সুখৰ ৷ Indian Talent Icon National Award, 2021 লাভ কৰা টিহুৰ সাগৰিকা গোস্বামীৰ পাচতে এইবাৰ ৰাষ্ট্ৰীয় পৰ্য়ায়ত জিলিকি উঠিল শেনচোৱাৰ অনুষ্কা দাস ৷ ‘মেজিক বুক অফ ৰেকৰ্ড’ গঢ়িবলৈ সক্ষম হৈছে শেনচোৱাৰ অনুষ্কা দাস নামৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে । সৃজনশীল প্ৰতিভাৰে বিগত সময়চোৱাত নৃত্য চৰ্চা আৰু মডেলিঙৰ জৰিয়তে লাভ কৰা কৃতিত্বৰ আধাৰতে ‘মেজিক বুক অৱ ৰেকৰ্ড’ত স্থান পাবলৈ সক্ষম হৈছে শেনচোৱাৰ অনুষ্কা দাসে ৷ অনুষ্কাৰ এই বাতৰিয়ে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে অনুষ্কাৰ আত্মীয় তথা পৰিয়ালবৰ্গক ৷ স্কুলীয়া শিক্ষাৰ সমান্তৰাল ভাৱে কেইবাগৰাকী নৃত্য গুৰুৰ ওচৰত অনুষ্কাই নৃত্য সাধনাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰিছিল ৷ উল্লেখ্য যে, স্ব-প্ৰতিভাৰ জৰিয়তে বিভিন্ন সময়ত লাভ কৰা নৃত্য আৰু মডেলিং ক্ষেত্ৰৰ সন্মান তথা পুৰস্কাৰ আদিৰ প্ৰমান পত্ৰ সমূহ হাৰিয়ানাৰ মেজিক বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে অনুষ্কাই ৷ তাৰ পাছতেই অনলাইন যোগে ৰাষ্ট্ৰীয় পৰ্যায়ত 2021 বৰ্ষৰ Best Achiever's Award লাভ কৰিবলৈ সক্ষম হয় ৷