শিক্ষয়িত্ৰী অন্নমাই বৰা হত্যাকাণ্ডঃ ন্যায় কেতিয়া ! - অসম অপৰাধ
নগাঁও, 25 ফেব্ৰুৱাৰীঃ বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত ধৰ্ষণ কৰি হত্য়া কৰা হৈছিল শিক্ষয়িত্ৰী অন্নমাই বৰাক ৷ ঘটনাটো আছিল 2017 বৰ্ষৰ 31 মে' ৰ ৷ ঘটনাৰ লগত জড়িত দুই দোষী চেলিম উদ্দিন আৰু মইনুল হকক আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ৷ প্ৰায় 14 মাহ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত হোজাই শংকৰদেৱ নগৰ আদালতে মূল অভিযুক্ত মইনুল হকক মৃত্যুদণ্ড আৰু চেলিম উদ্দিনক যাৱজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল ৷ কিন্তু হোজাই শংকৰদেৱ নগৰ আদালতে শাস্তি ঘোষণা কৰাৰ ডেৰ বছৰ পাৰহৈ যোৱাৰ পাছতো কাৰ্যকৰী নহ'ল আদালতৰ নিৰ্দেশ ৷ কাৰণ শাস্তি পুনৰ বিবেচনাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালত আবেদন জনাইছে দুই দোষী চেলিম উদ্দিন আৰু মইনুল হকে ৷ এতিয়াও ন্যায়ৰ বাবে আশাৰে বাট চাই ৰৈছে প্ৰয়াত শিক্ষয়িত্ৰী অন্নমাই বৰাৰ পৰিয়াল তথা আত্মাই..
Last Updated : Feb 25, 2020, 3:09 PM IST