অসম

assam

ETV Bharat / videos

এটা কোৱাৰেণ্টাইন চেণ্টাৰত বাধ্যতামূলক শৰীৰচৰ্চা

By

Published : Jun 1, 2020, 9:55 AM IST

টিংখাং, 1 জুন: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰ । টিংখাঙৰ শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰটোত বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা ৪০ জন লোকক শৰীৰৰ চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে যজ্ঞৰাম সেনচোৱা নামৰ এজন গৃহৰক্ষীৰ জোৱানে ৷ উল্লেখ্যে যে, কোৱাৰেন্টাইন কেন্দ্ৰটোত থকা লোক সকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে শাৰীৰিক সক্ষমতা অটুট ৰাখিবলৈ গৃহৰক্ষী জোৱান জনে নিতৌ বিভিন্ন ধৰণৰ শৰীৰৰ চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । এই ক্ষেত্ৰত চিকিৎসা কৰ্মী সকলেও আগবঢ়াই আহিছে পূৰ্ণ সহযোগিতা ৷ টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ গৃহৰক্ষী জোৱান যজ্ঞৰাম সেনচোৱাই গ্ৰহণ কৰা এই ব্যতিক্ৰমী পদক্ষেপক শলাগ লৈছে সকলোৱে ৷

ABOUT THE AUTHOR

...view details