অসম

assam

ETV Bharat / videos

প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি টোকোৰা চৰাই !

By

Published : May 14, 2020, 5:30 PM IST

সম্প্ৰতি অস্তিত্বৰ সংকট আহি পৰিছে বিশেষ এটা প্ৰজাতিৰ চৰাইৰ বাবে । টোকোৰা চৰাই ! যাক কোৱা হয় ঘৰ সজাৰ অভিযন্তা । অসমৰ গ্ৰামাঞ্চলত সততে দেখিবলৈ পোৱা এই চৰাইবিধে তামোল গছত সুন্দৰকৈ বাহ সাজি জীৱন যাপন কৰে । তামোল গছৰ পাতত বিশেষ ধৰণেৰে বাহ সাজি বসতি কৰে টোকোৰা চৰাইয়ে । চৰাইবিধৰ বাহ সজা কলা-কৌশল সঁচাকৈয়ে চকুতলগা । সাধাৰণতে এইবিধ চৰায়ে তামোল গছতহে বাহ সাজে যদিও, শিৱসাগৰৰ দিখৌমুখত কুঁহিয়াৰ গছ আৰু মধুৰিআম গছতো বাহ সজা দেখিবলৈ পোৱা গৈছে । মানুহৰ সংগৰ পৰা নিলগত থাকিব বিচৰা চৰাইবিধ যেন মানুহৰ কাষলৈহে আহিব বিচাৰিছে । এইয়া কেৱল সম্ভৱ হৈ উঠিছে দিখৌমুখৰ লোকৰ প্ৰকৃতি প্ৰেমৰ বাবে ।

ABOUT THE AUTHOR

...view details