মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ - নগাঁৱৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰ
নগাঁৱৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ গৃহমন্ত্রী গৰাকী উপস্থিত হৈ পোনপ্ৰথমে নৱনিৰ্মিত 126 ফুট উচ্চতাৰ লিংগাকাৰ মন্দিৰ দৰ্শন কৰে ৷ 22 ফেব্ৰুৱাৰীৰ পৰা হৈ থকা অবিৰত 108 কুণ্ডৰ মহাযজ্ঞত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্রী গৰাকীয়ে ৷ গৃহমন্ত্রী গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ মুখপাত্র ৰূপম গোস্বামীৰ লগতে অভ্যৰ্থনা সমিতিৰ প্ৰধান সম্পাদকে ৷