অসম

assam

By

Published : Aug 1, 2021, 4:54 PM IST

ETV Bharat / videos

আমগুৰিত তৈল খাদৰ পৰা নিৰ্গৰিত ৰাসায়নিক পদাৰ্থই বিনষ্ট কৰিছে কৃষিভূমি

শিৱসাগৰৰ আমগুৰিত অ’এন জি চিৰ (ONGC) দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড । অ’এন জি চিৰ (ONGC) তৈল খাদৰ নিগৰিত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ বাবে নষ্ট হৈছে কৃষিভূমি (AGRICULTURAL LAND)। নামতিৰ চৰাইমূৰীয়া গাঁৱত অৱস্থিত 1400/1 তৈলখাদত সংঘটিত হৈছে এই ঘটনা । তৈলখাদটোৰ পৰা অহৰ্নিশে বৈ অহা বিষাক্ত ৰাসায়নিক পদাৰ্থই নষ্ট কৰি তুলিছে অঞ্চলটোৰ খেতি পথাৰকে ধৰি চাহখেতি, সাঁচি খেতিৰ লগতে অন্যান্য কৃষিজাত সামগ্ৰী । তৈলখাদটোৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ কাষৰীয়া নামদাং নৈত পৰাত মৎস্য কুললৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । যাৰ বাবে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে চহা খেতিয়কে (tea farmer) । তৈল প্ৰতিষ্ঠানটোৰ অবিবেচকী সিদ্ধান্তৰ ফল ভূগিছে সাধাৰণ গঞাই (grnreal public ) । অ’এন জি চি (ONGC) কৰ্তৃপক্ষৰ পৰিকল্পনা আৰু দূৰদৰ্শিতাৰ অভাৱৰ বাবেই এইদৰে ৰাসায়নিক পদাৰ্থই কৃষিভূমি নষ্ট কৰাৰ অভিযোগ স্থানীয় লোকৰ। ভুক্তভোগী স্থানীয় লোকে প্ৰতিষ্ঠানটোক এই সমস্যা সমাধানৰ বাবে কেইবাবাৰো অনুৰোধ জনাইছিল যদিও কোনোধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ তুলিছে অএনজিচিৰ বিৰুদ্ধে।

ABOUT THE AUTHOR

...view details