হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ - Allegation of collecting money from students in the name of HSLC certificates
হোজাই জিলা লংকাৰ এখন বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ' ৷ হোজাই জিলাৰ লংকা তিনিআলিস্থিত মৌলানা আব্দুল হান্নান খান নামৰ হাইস্কুল খনত এই জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে, চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে চাৰ্টিফিকেটৰ নামত ধন লোৱা ভিডিঅ' ভাইৰেল হৈছে ছচিয়েল মিডিয়াত ৷ স্থানীয় সচেতন ৰাইজে জনোৱা অনুসৰি, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ হতোৱাই শিক্ষাৰ্থীক চাৰ্টিফিকেট দিয়াৰ বিপৰীতে সংগ্ৰহ কৰিছে ধন ৷ আনহাতে উক্ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে উদালী আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে ৷