আজি ফাগুণৰ প্ৰথমটো বুধবাৰঃৰাজ্যজুৰি পালন আলি আয়ে লৃগাং - Ali Aye Lrigang celebratition
আজি ফাগুনৰ প্ৰথমটো বুধবাৰ ৷ ফাগুন মানেই ৰঙৰ মেলা ৷ এই ফাগুনৰে প্ৰথমটো বুধবাৰে অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী মিচিং সকলে পালন কৰে হেঁপাহৰ আলি আয়ে লৃগাং ৷ প্ৰতিজন মিচিঙৰে প্ৰাণৰ আপোন এই লৃগাং ৷ মূলতঃ কৃষিৰ সৈতে জড়িত এই লৃগাং উৎসৱ ৷ পূৰ্বপুৰুষক স্মৰণ কৰি মুৰুং ঘৰ সাজি পথাৰত পৰম্পৰাগতভাৱে শইচৰ বীজ সিঁচি লৃগাং পালন কৰে মিচিং সকলে ৷ পথাৰত সিঁচা শস্যক পোক পৰুৱাই যাতে খাই নষ্ট নকৰে তাৰ বাবে দঃ ঞি পঃল কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি নীতিৰে প্ৰৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে ।