অধীৰ আগ্ৰহেৰে পুত্ৰলৈ অপেক্ষা প্ৰিয়দা গগৈৰ
পুৱাই গুৱাহাটীৰ পৰা যোৰহাট জিলাৰ চেলেংহাটৰ গৃহলৈ ৰাওনা হৈছে অখিল গগৈ । প্ৰায় দেৰ বছৰৰ পাচত স্বগৃহলৈ আহিছে নেতাগৰাকী । পুত্ৰক কাষত পোৱাৰ হেঁপাহত অসুস্থ মাতৃ আনন্দিত হৈছে যদিও নিয়া(NIA)ই মাত্ৰ 48 ঘন্টাৰ বাবে মুকলি কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ ৷ প্ৰিয় নেতাগৰাকীৰ আগমণৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে সমগ্ৰ গাঁওবাসী তথা আত্মীয় কুটুম্বৰ লগতে শুভাকাংক্ষী ৷ কৃষক নেতাগৰাকীয়ে খাই ভাল পোৱা বিভিন্ন ব্যঞ্জন ৰন্ধা বঢ়াত ব্যস্ত হৈ পৰিছে পৰিয়াল । ৰাইজৰ স্বাৰ্থত অখিল গগৈক সম্পূৰ্ণৰূপে মুক্ত কৰি দিবলৈ চৰকাৰলৈ আহ্বান ৰাইজৰ ৷