অখিল গগৈ এজন মানসিক ৰোগী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
অসম বিধানসভাৰ সদনৰ মজিয়াত কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক’লে, অখিল গগৈয়ে এতিয়া মানসিক ৰোগত ভুগি আছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মানসিক ৰোগত ভুগি বিগত চাৰিমাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ ৷