অসম

assam

ETV Bharat / videos

শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ অখিল গগৈ

By

Published : Jul 6, 2021, 12:38 PM IST

শিৱসাগৰ জিলাক পৰৱৰ্তী দহ বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site) ৰূপে গঢ়ি তোলা হ’ব । সোমবাৰে সন্ধিয়া ভাগত শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে ৷ তেওঁ কয় যে, এই লক্ষ্য প্ৰাপ্তিৰ বাবে বিধায়কগৰাকীয়ে এক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে । এই পৰিকল্পনাৰ অধীনত শিৱসাগৰ জিলাক নতুন ৰূপত সজাই পৰাই তুলি ধৰাৰ প্ৰয়াস কৰা হ’ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে । জিলাখনৰ ঐতিহ্য, পৰম্পৰা, খাদ্য সম্ভাৰ, সংস্কৃতি আৰু প্ৰকৃতিক মূলধনৰূপে লৈ এই পৰিকল্পনা বাস্তৱায়িত কৰা হ’ব বুলি অখিল গগৈয়ে উল্লেখ কৰে । ইয়াৰোপৰি গ্ৰাম্য পৰ্যটন, চাহ পৰ্যটন, সাংস্কৃতিক পৰ্যটন, নদী পৰ্যটন, বন পৰ্যটন আদিৰ আন্তঃগাঁথনি গঢ়াৰ আন্তৰিক প্ৰচেষ্টা লোৱা হ’ব বুলি গগৈয়ে সংবাদমেলত ব্যক্ত কৰে । বিধায়ক গগৈয়ে জিলাখনৰ বান-খহনীয়া আদিকে ধৰি সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰাৰ লগতে দুৰ্নীতি মুক্ত প্ৰশাসন গঢ়া, কৃষি আৰু উদ্যোগিক উন্নয়ন সাধন আদিৰ জৰিয়তে শিৱসাগৰ বিধানসভা সমষ্টিটোক ৰাজ্যৰ ভিতৰতে এটা অন্যতম জাকত জিলিকা অগ্ৰণী সমষ্টিৰূপে গঢ়ি তোলাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details