অসম

assam

ETV Bharat / videos

উপ-নিৰ্বাচনৰ বাবে ভৱানীপুৰ সমষ্টি কংগ্ৰেছক এৰি দিলে ৰাইজৰ দলে - by election

By

Published : Oct 4, 2021, 12:11 PM IST

দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় বিধায়ক অখিল গগৈ ৷ আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মাজুলীত উপস্থিত হোৱা অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছে ৰাইজৰ দলক ভৱানীপুৰ সমষ্টি এৰি দিলেও ৰাইজৰ দলে সেই সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে । ভৱানীপুৰৰ পৰা কংগ্ৰছৰ সভাপতি ভূপেন বৰাই অৱতীৰ্ণ হ’লে তেওঁৰ হৈ অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰত সহায় কৰি দিব বুলি মন্তব্য কৰে ৷ ভৱানীপুৰত কংগ্ৰেছৰ বিপৰীতে ৰাইজৰ দলে প্ৰাৰ্থীত্ব আগবঢ়ালে পৰোক্ষভাৱে বিজেপিকহে সহায় কৰা হ’ব ৷ এনে কৰিলে কংগ্ৰেছৰ লগতে অসমৰ ৰাইজৰ লোকচান হ’ব বুলি মন্তব্য অখিল গগৈৰ ৷ তেঁও কয় যদি কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতা হয় তেন্তে ৰাইজৰ দলে কেৱল থাওৰা সমষ্টিতহে প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু যদিহে মিত্ৰতা নহয় তেন্তে থাওৰা আৰু মৰিয়নী সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য অখিল গগৈৰ ৷

ABOUT THE AUTHOR

...view details