অসম

assam

ETV Bharat / videos

সোৱণশিৰি প্ৰকল্পৰ কাম আৰম্ভ কৰাক লৈ লখিমপুৰত বিভিন্ন সংগঠনৰ প্ৰতিক্ৰিয়া - AASU protest

By

Published : Nov 3, 2021, 5:26 PM IST

নামনি সোৱণশিৰি প্ৰকল্পত নতুন বছৰৰ পৰা কাম আৰম্ভ হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাচতে লখিমপুৰৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাক লৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠন । ২০২২ চনৰ আগষ্ট মাহত প্ৰকল্পটোৰ দুটা গোটৰ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । শেহতীয়াকৈ এনএইচপিচিৰ সঞ্চালক, নিৰ্মাণকাৰী কোম্পানী সমূহ, অসম-অৰুণাচলৰ শক্তি বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰে হোৱা এখন সভাত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে । এই কথা ৰাজহুৱা হোৱাৰ লগে লগে লখিমপুৰৰ বিভিন্ন সংগঠনে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বই সকীয়াই দিছে যে, গুলীৰ আঘাত ল'বলগীয়া হ'লেও প্ৰকল্পটো বন্ধ কৰাৰ বাবে সংগঠনটোৱে আন্দোলন অব্যাহত ৰাখিব । আনহাতে, এই আন্দোলনত ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই । প্ৰকল্পটোৰ নামনিৰ দিশে ৰাইজৰ জীৱন তথা সম্পত্তিৰ নিৰাপত্তা সু-নিশ্চিত নোহোৱা পৰ্যন্ত প্ৰকল্পটোৰ কাম বন্ধ ৰাখিবলৈ সংগঠনসমূহে দাবী জনাইছে ।

ABOUT THE AUTHOR

...view details