অসম

assam

By

Published : Jan 19, 2022, 3:47 PM IST

ETV Bharat / videos

AJYCP Protest : শিৱসাগৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ (AJYCP Protest in Sivsagar) ৷ জিলাখনৰ জাঁজীৰ পৰা ডিমৌলৈ আৰু ডিমৌৰ পৰা মৰাণলৈ বিগত চাৰি বছৰ ধৰি নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়ম (Alligation of scam in fourlane road construction) আৰু পুঁজিৰ অপব্যৱহাৰৰ বিৰুদ্ধে সৰৱ হৈ সংগঠনটোৱে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত ন্যস্ত থকা NHIDCL আৰু উক্ত পথচোৱা নিৰ্মাণৰ ঠিকা লাভ কৰা GDCL নামৰ প্ৰতিষ্ঠানটোৰ মাজত হোৱা গোপন বুজাবুজিৰ বাবে চাৰি বছৰত উক্ত পথচোৱাৰ নিৰ্মাণ মাত্ৰ ১০ শতাংশহে সম্পূৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ যাৰ ফলত নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ লগতে পুঁজিৰ অপপ্ৰয়োগ হৈছে ৷ ইয়াৰ বাবে বহু থলুৱা যোগানকাৰী আৰু KCC তথা KAPASI কোম্পানীত কৰ্মৰত যুৱক-যুৱতীয়ে লাভ কৰা নাই কেইবা মাহৰো দৰমহা ৷ সেয়েহে অনতিপলমে এই পথৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ কৰাৰ লগতে অনাদায় ধন আৰু দৰমহা প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ অন্যথা ভৱিষ্যত দিনত অধিক জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details