মিজোৰ গুলিচালনাৰ প্ৰতিবাদত তেজপুৰত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - ajycp protest
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister amit shah) অসম তথা উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সৈতে সীমা বিবাদক লৈ সৌহাদ্যপূৰ্ণ আলোচনাৰ পিছদিনাই মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা কৰাৰ প্ৰতিবাদত বুধবাৰে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ অৱশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰো কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও ছাত্ৰ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাত তেজপুৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷