কৃষকৰ সমস্যা সমাধানৰ দাবীত বিলাসীপাৰাত AJPৰ প্ৰতিবাদ - অসম জাতীয় পৰিষদে দুঘন্টীয়া অৱস্থান ধৰ্মঘট
ধুবুৰীৰ বিলাসীপাৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে (AJP) দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত শস্য সামগ্ৰী খাদ্য নিগমে উচিত মূল্যত ক্ৰয় কৰাৰ দাবীত এই ধৰ্মঘট পালন কৰে দলটোৱে । প্ৰতিটো গাঁও পঞ্চায়তত কৃষকৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা, ক'ভিডৰ সময়ত কৃষকসকলক সাহাৰ্য প্ৰদান কৰা আদি কৃষকৰ জলন্ত সমস্যা সমাধানৰ দাবী উত্থাপন কৰে দলটোৱে । আনহাতে অতি শীঘ্ৰে অসমৰ কৃষকৰ সমস্যা সমাধান কৰিব নোৱাৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে অসম জাতীয় পৰিষদে ।