অসম

assam

By

Published : Sep 14, 2021, 10:38 PM IST

ETV Bharat / videos

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ জাতীয় গৰ্জন

নগাৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুনৰ প্ৰতিবাদত বহিল অসম জাতীয় পৰিষদ ৷ অসম চুক্তিৰ 5 নং আৰু 6 নং দফা ৰূপায়ণৰ দাবীত লগতে জাতি ধ্বংসী 'কা' বাতিল কৰাৰ দাবীত অসম জাতীয় পৰিষদ ৰাজ্যজুৰি পালন কৰে "জাতীয় গৰ্জন" কাৰ্যসূচী ৷ ৰাজ্যৰ আন সমূহ ঠাইৰ সমান্তৰালকৈ ডিব্ৰুগড় চহৰৰ চৌকিডিঙী খেলপথাৰৰ সমীপতো ৰূপায়ন কৰা হয় অসম জাতীয় পৰিষদৰ জাতীয় গৰ্জন কাৰ্যসূচী ৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে শাসিত চৰকাৰখনে এই দিশত গুৰুত্ব প্ৰদান নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতীয় পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয় পৰিষদৰ নেতাৰ মন্তব্য "আমি নিৰ্বাচনত পৰাজয় বৰণ কৰিছো যদিও শেষ হৈ যোৱা নাই ৷ যেতিয়ালৈকে অসম জাতীয় পৰিষদ থাকিব আমি অসমীয়াৰ হৈ মাত মাতি যাম ৷ চৰকাৰক কা বাতিল কৰিবলৈ বাধ্য কৰাম ৷"

ABOUT THE AUTHOR

...view details