অসম

assam

উজনিত বিধ্বস্ত হৈ পৰিছে বিজেপি : জগদীশ ভূঞা

By

Published : Apr 1, 2021, 8:13 PM IST

বৃহস্পতিবাৰে পূব গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷ তেওঁ কয় যে, অসমত এইবাৰ পৰিবৰ্তন হ'ব আৰু অসমৰ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ পাব ৷ কোনো কাৰণতে অসমত এইবাৰ 'কা' বিৰোধী শক্তিক তথা আঞ্চলিকতাবাদী ধ্যান-ধাৰণাক বাদ দি এখন চৰকাৰ প্ৰতিষ্ঠা হ'ব নোৱাৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে বিপুল সফলতা লাভ কৰিব । উজনিত বিজেপি বিধ্বস্ত হৈ পৰিছে বুলি মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details