অসম

assam

By

Published : Mar 24, 2021, 10:25 AM IST

ETV Bharat / videos

কংগ্ৰেছ মহাজোঁট বিজেপিৰহে শত্ৰু, অসমৰ ৰাইজৰ নহয়: অজয় ফুকন

ডিব্ৰুগড়ত শাসক দল বিজেপিৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ আৰু এআইডিইউএফৰ মহাজোঁটক সমালোচনা কৰি কংগ্ৰেছ মহাজোঁট অসম আৰু অসমীয়াৰ প্ৰধান শত্ৰু বুলি কোৱাৰ পাছতে বিজেপিৰ নেতা সকলক উভতি ধৰিছে চাবুৱাৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনে ৷ বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা পুলিয়ে পোখাই উঘালি পেলাবলৈ ৰাইজে এইবাৰ কংগ্ৰেছ মহাজোঁট প্ৰাৰ্থীক বিপুল ভোটত জয় কৰাব বুলিও ফুকনে মন্তব্য কৰিছে ৷ ফুকনে দাবী কৰে যে, কংগ্ৰেছ মহাজোঁট বিজেপিৰহে শত্ৰু, অসমৰ ৰাইজৰ নহয় ৷ কংগ্ৰেছ দলৰ হৈ ডিব্ৰুগড় চাবুৱাৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে প্ৰাৰ্থী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details