অসম

assam

ETV Bharat / videos

চিকিৎসক নিগ্ৰহৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া আহোম গণ মঞ্চৰ - hojai incident acuse arrested

By

Published : Jun 3, 2021, 9:28 PM IST

ৰাজ্যৰ জটিল ক'ভিড পৰিস্থিতিত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে সন্মুখৰ পৰা সেৱা আগবঢ়াই আহিছে । কিন্তু মঙলবাৰে হোজাই জিলাৰ উদালীত এটা ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । যিটো সময়ত চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মী সকলে নিজৰ জীৱনৰ কথা চিন্তা নকৰি ক'ভিড ৰোগীৰ সেৱাত দিনে-নিশাই ব্যস্ত হৈছে তেনে সময়ত হোজাইৰ উদালীত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীক কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে আহোম জাতীয় গণ মঞ্চই । সংগঠনটোৰ সহকাৰী সম্পাদক অকণ ভূঞাই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলাৰ লগতে চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details