অসম

assam

By

Published : Oct 1, 2020, 12:30 PM IST

ETV Bharat / videos

যাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ

মহাবাহুৰ বুকুয়েদি বাঁহৰ ভূৰেৰে এক যাত্ৰা ৷ এই যাত্ৰাৰ পৰিধি পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দলৈ ৷ মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা গুৱাহাটীৰ উমানন্দ ব্ৰহ্মপুত্ৰৰ মাজেৰে দুঃসাহসিক যাত্ৰা কৰিব যোৰহাট আৰু নগাঁৱৰ দুগৰাকী যুৱকে ৷ প্ৰকৃতিৰ সুৰক্ষাৰ লগতে,বিশাল ব্ৰহ্মপুত্ৰৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ পৰ্যটন ক্ষেত্ৰখন দেশ-বিদেশৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেই এই দুঃসাহসিক প্ৰচেষ্টা হাতত লৈছে যোৰহাট বাঘমৰাৰ ৰিশান দলে আৰু নগাঁৱৰ শেখৰ বৰদলৈয়ে ৷ যদিহে প্ৰকৃতি ৰুষ্ট নহয় তেন্তে 6 দিনৰ ভিতৰত দুয়োগৰাকী সাহসী যুৱক গৈ উপস্থিত হ'ব উমানন্দত ৷ উল্লেখ্য যে,দুয়োগৰাকী যুৱকৰ এই যাত্ৰাৰ শুভ উদ্বোধন কৰে অৰণ্য নামৱ যাদৱ পায়েঙে ৷

ABOUT THE AUTHOR

...view details