‘‘এই বিষয়ে মই একো নাজানো’’ সাংসদ আব্দুল খালেক ! কি কথা প্ৰসংগত এই মন্তব্য খালেকৰ - MP
পবিত্ৰ ঈদৰ নামত মেহফিল পাতি শিল্পীক আমন্ত্ৰণ কৰি আনি অশ্লীল নৃত্য পৰিৱেশন কৰিবলৈ হেচা প্ৰয়োগ কৰা ছয়গাঁও গৰৈমাৰীৰ জঘন্য কাণ্ডক লৈ ছ’চিয়েল মেডিয়া উত্তাল হৈ থকাৰ সময়তে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ এই ঘটনা সন্দৰ্ভত ৰহস্যজনক নিৰৱ ভূমিকা । বঙাইগাঁও জিলাৰ মানিকপুৰৰ ভাণ্ডাৰাত এখন সম্বৰ্ধনা সভাত উপস্থিত হোৱা সাংসদগৰাকীক ছয়গাঁও কাণ্ডক লৈ ইটিভি ভাৰত অসমৰ সাংবাদিকে প্ৰশ্ন কৰাত একো নাজানে বুলি কৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকে খালেক । ইফালে এন আৰ চিত নাম বাদ পৰিলে ৬০ দিনৰ ভিতৰত আবেদন কৰিবলৈ আহ্বান জনায় সাংসদ গৰাকীয়ে । সোনাউল্লাৰ দৰে আৰু বহুতো ঘটনা সংঘটিত হৈছে বুলি মত প্ৰকাশ কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে ।