যোগান মন্ত্ৰী ৰণজিৎ দাসক অকৰ্মণ্য আখ্যা দিলে আটাছুৱে - AATASU
এফালে কৰ'ণা (Covid 19)ৰ বিভীষিকা, আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি (price hike) ৷ পেট্ৰ’ল-ডিজেল (Petrol_Diesel)ৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনতাৰ টেঁটু চেপা দিয়াৰ সময়তে চৰকাৰী তেল কোম্পানীসমূহে 1 জুলাইৰ পৰা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫.৫০ টকা মূল্যবৃদ্ধি কৰে ৷ ইয়াৰ পাছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সৰৱ হৈ উঠে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা (AATASU)ৰ ডিব্ৰুগড় জিলা সমিতি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ সংগঠন দুটাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু যোগান মন্ত্ৰী ৰণজিৎ দাস (MLA Ranjit Das)ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি দুলীয়াজানৰ আনন্দপাৰা তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে চৰকাৰ বিৰোধী প্লে’ কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।