অসম

assam

By

Published : Jun 1, 2021, 7:54 PM IST

ETV Bharat / videos

মৰাণত পদপথৰ ব্যক্তি সাংবাদিক আৰু আৰক্ষীক আটাছুৰ আহাৰ যোগান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো ক'ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে । ক'ভিড ভয়াবহতাৰ লগতে মিনি লকডাউন আৰু সান্ধ্য আইনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ক'ভিড ভয়াৱহতাৰ লগতে মিনি লকডাউন আৰু সান্ধ্য আইনে বহুতৰ বাবে অন্ধকাৰ নমাই আনিছে ।‌ বিশেষকৈ হোটেল ব্যৱসায়িক প্ৰতিষ্ঠান আজি ১১ বজাত বন্ধ হৈ পৰাত পদপথত জীৱন কটোৱা লোকসকলে এতিয়া লঘোণে দিন কটাবলগীয়া হৈছে । এনে সময়তে মঙলবাৰে মৰাণৰ পদপথৰ ব্যক্তিসকলৰ বাবে এসাঁজ ভাত যোগান ধৰিলে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে । সংগঠনটোৰ কৰ্মীসকলে মৰাণৰ পদপথত বাস কৰা লোকৰ লগতে ক'ভিড ভয়াবহতাৰ মাজত সেৱা আগবঢ়াই থকা আৰক্ষী আৰু সাংবাদিকসকলকো এসাঁজ ভাত যোগান ধৰি মানৱতাৰ পৰিচয় দিয়ে ।

ABOUT THE AUTHOR

...view details