শ্বহীদক অপমান : শ্বেৰমান আলীৰ বিৰুদ্ধে মঙলদৈত উত্তাল প্ৰতিবাদ
বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে শ্বহীদ পৰিয়াল ৷ ১৯৮৩ চনৰ ৰক্তাক্ত সময় পুনৰ বাৰ সজীৱ হৈ উঠিছে গৰুখুটি কাণ্ডৰ পিছত । গৰুখুটিত ১৯৮৩ চনত কাল ধুমুহা নমাইছিল কোনে ? ১৯৮৩ চনৰ ১৫ ফেব্ৰুৱাৰীত অবৈধ দখলকাৰীৰ হাতত নৃশংসতাৰ বলি হৈছিল দৰঙৰ ১১ গৰাকীকৈ সুঠাম যুৱক । শ্বহীদক লৈ বিৰোপ মন্তব্য কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে দৰং জিলা ৷