AASU protest: ডুমডুমাত ৰে'ল বিভাগৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল কাৰ্যসূচী - ডুমডুমাত ৰে'ল বিভাগৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল কাৰ্যসূচী
দেশৰ ৰে'ল বিভাগটোক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা চৰকাৰী ষড়যন্ত্ৰক সৰ্বত্ৰে সমালোচনা কৰি থকা হৈছে । ইয়াৰ মাজতে দেশৰ অন্যতম প্ৰথম ৰে'লপথ ডিব্ৰু-ডাঙৰী ৰে'লপথত বিগত প্ৰায় ৫ বছৰ ধৰি ৰে'লসেৱা বন্ধ হৈ পৰাত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা । ভাৰত-চীন যুদ্ধৰ স্মৃতি বিজড়িত চীন সীমাৰ অন্তিম ৰে'লপথত যাত্ৰীৰ অভাৱৰ অজুহাত দি ৰে'ল বিভাগে বিগত ৫ বছৰ ধৰি ৰে'ল সেৱা অস্থায়ীভাৱে বন্ধ কৰি থৈছে । কিন্তু ঐতিহাসিক পথচোৱাত ৰে'ল সেৱা স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে । বিভাগটোৰ এনে কৰ্মকাণ্ডত সদৌ অসম ছাত্ৰ সন্থাৰ ডুমডুমা আৰু ডাঙৰী আঞ্চলিক সমিতিয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । ৰে'ল বিভাগৰ এনে ষড়যন্ত্ৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে (AASU protest at Doomdooma)। বুধবাৰে আছু ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমাৰ চৰকাৰী বাছস্থানৰ সন্মুখত মানৱ শৃংখলৰ জৰিয়তে ডিব্ৰু-শদিয়া পথত ৰে'ল সেৱা প্ৰৱৰ্তনৰ দাবী জনাই । লগতে আছুৰ দাবী ৰে'ল বিভাগৰ এনে কাৰ্যক কোনোপধ্যেই মানি নলয় । ইফালে ৰে'ল সেৱা পুনৰ আৰম্ভ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰো হুংকাৰ দিয়ে আছুৱে ।