পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰ : ড৹ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া - ড৹ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া
শেহতীয়াকৈ ৰাজ্যত পুনৰ নিম্নবৰ্গৰ কৰ্মচাৰীক অনুশাসনৰ লগতে শাৰীৰিক প্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে । পৰিবহণ বিভাগৰ এগৰাকী উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই ঘটনা তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় । তেওঁৰ মতে কোনো কাৰ্যালয়ৰে উচ্চ পদস্থ বিষয়াই নিম্নবৰ্গৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ বা প্ৰহাৰ কৰিব নোৱাৰে । সেয়ে চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে লৈ আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । সোমবাৰে নিশা নলবাৰীৰ কেন্দুকুছিত উপস্থিত হৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে আছু নেতাগৰাকীয়ে । উল্লেখ্য যে, কেন্দুকুছিত দুদিনীয়া কাৰ্যসূচীৰে কৃতী শিক্ষক গিৰিধৰ ডেকা সোঁৱৰণী সদৌ অসম ভিত্তিত প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ-পূৱ খাতা শাখা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টাগৰাকী ।