গৰুখুটি কাণ্ডৰ বিৰুদ্ধে ৰৌতাত আমছুৰ তীব্ৰ প্ৰতিবাদ - AAMSU protest against Gorukhuti incident
ছিপাঝাৰৰ ঢলপুৰত প্ৰশাসনে চলোৱা উচ্ছেদক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ ওদালগুৰিৰ ৰৌতাতো আমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত ৰৌতাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আমছুৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি গ'বেক, উচ্ছেদৰ নামত সংখ্যালঘুক হত্যা কৰা বন্ধ কৰক, পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে ৰৌতাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ৷