আক্ৰাছুৰ 12 ঘণ্টীয়া অসম বন্ধত স্তব্ধ জনজীৱন
শুকুৰবাৰে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই জনোৱা 12 ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল কেতবোৰ অঞ্চলত ৷ এন আৰ চিৰ পৰা 58 হাজাৰ কোঁচ ৰাজবংশী ভূমিপুত্ৰৰ নাম বাদ পৰাক লৈ বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে ৷ কলিয়াবৰত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ চিলাপথাৰৰ চিমেন চাপৰিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ সদস্য সকলে ৷ বন্ধত অঞ্চলটোৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে যান বাহনৰ চলাচলো স্তব্ধ হৈ পৰা পৰিলক্ষিত হয় ৷ তাৰ মাজতে দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আনহাতে আক্ৰাছুৰ অসম বন্ধৰ মাজতে ধুবুৰীৰ চাপৰত কোঁচ ৰাজবংশীৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিলৈ তেজ নিক্ষেপ অচিনাক্ত দুৰ্বৃত্তৰ ৷ এই ক্ষেত্ৰত দোষীক কৰায়ত্ত কৰিবলৈ ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিলে আক্ৰাছুৱে ৷