অসম

assam

ETV Bharat / videos

ৰাষ্ট্ৰসংঘৰ সভাত অংশগ্ৰহণ কৰিব বোকাখাতৰ ছাত্ৰই

By

Published : Aug 3, 2021, 6:19 PM IST

অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে বোকাখাত তথা ৰাজ্যখনলৈ আহিছে এটা ভাল খবৰ ৷ আগন্তুক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে বোকাখাতৰ এজন ছাত্ৰই ৷ এহেজাৰ অংশগ্ৰহণকাৰী যুৱ-ছাত্ৰৰ মাজৰ পৰা ৰাষ্ট্ৰসংঘৰ সভাত ভাৰ্চুৱেল মাধ্যমত ভাষণ প্ৰদান কৰিব বোকাখাতৰ ছাত্ৰজনে ৷ ছাত্ৰজনৰ নাম শুভাংকৰ দে ৷ বোকাখাত ম'হ মাইকী গাঁৱৰ নিবাসী বিমান চন্দ্ৰ দে আৰু পিউলী দে-ৰ একমাত্ৰ সন্তান শুভাংকৰ দে ৷ ইয়াৰ পূৰ্বে ভাৰতৰ পৰা এই সভাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল মাত্ৰ এগৰাকী ছাত্ৰীয়ে ৷ শুভাংকৰ হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ছাত্ৰ, যিয়ে এইবছৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব ৷ শুভাংকৰৰ ভাষণৰ বিষয় হৈছে নিৱনুৱা সমস্যা, সন্ত্ৰাসবাদ, শিক্ষা আৰু জলবায়ু পৰিৱৰ্তন আদি ৷ গুৱাহাটীত অধ্যয়নত শুভাংকৰে পৰৱৰ্তী সময়ত প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰসংঘৰ সভাত অংশগ্ৰহণৰ সুযোগ লাভ কৰি বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details