মধ্যাহ্ন ভোজনত বাৰীৰ সতেজ শাক-পাচলি ! - mid day meal
এখন বিদ্যালয় যিখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে মধ্যাহ্ন ভোজনত ভাতৰ লগত খাবলৈ পায় বাৰীৰ সতেজ আৰু সেউজীয়া শাক পাচলি ৷ যিটো সময়ত মধ্যাহ্ন ভোজনক লৈ ৰাজ্যৰ ৰাজপথত উত্তাল প্ৰতিবাদ তেনে সময়তে বিশ্বনাথৰ জিনজিয়া মহাবীৰ চৰকাৰী বিদ্যালয়ে মধ্যাহ্ন ভোজনত ছাত্ৰ ছাত্ৰী সকলক পুষ্টিকৰ খাদ্য যোগান ধৰিবৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই গঢ়ি তুলিছে এখন শস্যৰ উদ্যান ৷ বিগত 2বছৰৰ পৰা সম্পূৰ্ণ জৈৱিক সাৰৰ জৰিয়তে 15 বিধতকৈও অধিক শস্যৰ খেতি কৰি আহিছে বিদ্যালয়খনত ৷ এতিয়া এই বিদ্যালয়খনৰ এনে সুকীয়া প্ৰচেষ্টাৰ শলাগ লৈছে বহুজনে ৷