ফুল আৰু সেউজীয়াৰ সমাহাৰত জীপাল এখন ব্যতিক্ৰমী চিকিৎসালয়
ফুল আৰু সেউজীয়াৰ সমাহাৰত জীপাল হৈ পৰিছে বৰপেটা জিলাৰ অন্তৰ্গত ব্যাসকুছি ৰাজ্যিক চিকিৎসালয় ৷ ১৯৫২ চনত স্থাপন হৈছিল এইখন ব্যাসকুছি ৰাজ্যিক চিকিৎসালয় ৷ চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ ঠিকাভিত্তিক কৰ্মচাৰী শৈলেন বৰ্মনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৭০ বছৰ গৰকা চিকিৎসালয়খনে ৷ কিন্তু চিকিৎসালয় খনক এক ব্যতিক্ৰমী ৰূপ প্ৰদান কৰা লোকগৰাকীয়ে আজি পৰ্যন্ত এক ন্যূনতম পাৰিতোষিকেৰেই পৰিয়ালক ভৰণ-পোষণ দি গৈছে ৷