অসমৰ মুখ্যমন্ত্ৰী ঘৰগোঁনা : ভূপেন বৰা
সোমবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল অসম আৰক্ষীৰ জোৱানে ৷ বুধবাৰে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দল ঘটনাস্থলীলৈ ৰাওনা হয় ৷ কিন্তু, আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে ধলাই থানাৰ সম্মুখতে কংগ্ৰেছৰ প্ৰতিনিধি দলটোক আৰক্ষীয়ে বাধা দিয়ে । ঘটনাস্থলীলৈ যাব নোৱাৰাত ধলাই থানাৰ সম্মুখতেই বৰ্তমান চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিনিধি দলত আছিল ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ , বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , উপ-দলপতি ৰকিবুল হুছেইন প্ৰমুখ্যে বহু বিষয়ববীয়া । প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতেই তেওঁলোকে শিলচৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ আহত সকলৰ স্বাস্থ্যৰ বুজ লয় ৷
Last Updated : Jul 28, 2021, 10:01 PM IST